লীলা গগৈeigrcuroce_arip7 Fed datexpvan36 t r Eng

ড° লীলা গগৈ
জন্ম ২৫ নবেম্বৰ, ১৯৩০ চন
চেৰেকাপাৰ, হাতীমূৰীয়া গাওঁ, শিৱসাগৰ
মৃত্যু ২৩ জুলাই, ১৯৯৪
চেৰেকাপাৰ, শিৱসাগৰ
পেচা সহিত্যিক, শিক্ষাবিদ, বুৰঞ্জীবিদ, গন্থকাৰ,
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা স্নাতকোত্তৰ, ডক্তৰেট সন্মান।
উল্লেখযোগ্য বঁটা সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা
দাম্পত্যসংগী চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই
সন্তান জুৰি গগৈ, লনি গগৈ

ড° লীলা গগৈ(ইংৰাজী Dr. Lila Gogoi)(১৯৩০-১৯৯৪) এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। গগৈ দেৱ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল।১৯৯৪ চনত অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল[1][2]

সূচী

  • 1 জন্ম
  • 2 পৰিয়াল
  • 3 শিক্ষা
  • 4 কৰ্ম জীৱন
  • 5 প্ৰাপ্ত বঁটাসমূহ
  • 6 সাহিত্য কৰ্ম
  • 7 তথ্য সংগ্ৰহ

জন্ম[সম্পাদনা কৰক]

শিৱসাগৰৰ হাতীমূৰীয়া গাঁৱৰ চেৰেকাপাৰাত ১৯৩০ চনৰ ২৫ নবেম্বৰ তাৰিখে ড° লীলা গগৈ দেৱৰ জন্ম হয়।

পৰিয়াল[সম্পাদনা কৰক]

ড° লীলা গগৈৰ পিতৃৰ নাম ধনীৰাম গগৈ আৰু মাতৃৰ নাম কমলা গগৈ। গগৈ দেৱে ১৯৬৫ চনত চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁইৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁ দুগৰাকী কন্যা যথাক্ৰমে-জুৰি গগৈ আৰু লনি গগৈ[2]

শিক্ষা[সম্পাদনা কৰক]

১৯৩৫ চনত চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। ১৯৪৩ চনত শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা উচ্চ গণিত আৰু উচ্চ অসমীয়া সহ প্ৰথম বিভাগত উৰ্ত্তীণ হয়। ইয়াৰ পাছত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৫০ চনত সংস্কৃত বিষয়ত লেটাৰসহ প্ৰবেশিকা পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীন হয়। একাদিক্ৰমে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আই এ, ১৯৫৮ চনত সৰ্ম্পূন প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে স্নাতক আৰু ১৯৬২ চনত সৰ্ম্পূন প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে। ১৯৮২ চনত অসমীয়া বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন বিষয়ৰ গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান লাভ কৰে।[2]

কৰ্ম জীৱন[সম্পাদনা কৰক]

ড০ লীলা গৈগৈ দেৱে ১৯৫১ চনত শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পাছত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, আকাশবাণী (গুৱাহাটী) কাৰ্যনিবাহ কৰিছিল। পাছলৈ তেওঁ গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও আছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানতো অধ্যাপক হিচাপে কাম কৰিছিল। অৱশেষত সুখ্যাতিৰে ১৯৯০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা অৱসৰ গ্ৰহন কৰে। গগৈ দেৱে ১৯৯১-৯৩ এই সময়চোৱাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ পূৰ্ণকালীন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]

প্ৰাপ্ত বঁটাসমূহ[সম্পাদনা কৰক]

  1. সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা
  2. সাহিত্য-কৰ্মৰ পুৰস্কাৰ নগদ ৫০০ টকা, (১৯৬৩)
  3. UNESCO ৰ পৰা সীমান্তৰ মাটি আৰু মানুহ গ্ৰন্থৰ বাবে পুৰস্কাৰ নগদ ১১০০ টকা, (১৯৬৫)

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

ৰচনাৱলী

  1. খঁৰা শিয়ালৰ বিয়া (শিশু কবিতা) (১৯৫৪)
  2. বুৰঞ্জীয়ে পৰশা নগৰ (১৯৫৭),
  3. হেৰোৱা দিনৰ কথা (১৯৫৭),
  4. শৰাইঘাটৰ যুদ্ধৰ কথা (১৯৭৭),
  5. বেলি মাৰ গল (১৯৮৩),
  6. বুৰঞ্জী সাহিত্য (১৯৮৮),
  7. বুৰঞ্জীয়ে কথা কয় (১৯৯১),
  8. বুৰঞ্জীৰ ৰূপৰেখাঃশিৱসাগৰ (১৯৯৪),
  9. আহোম জাতি আৰু অসমীয়া সংস্কৃতি (১৯৬১),
  10. বিহু এটি সমীক্ষা (১৯৬৯),
  11. টাই সংস্কৃতিৰ ৰূপৰেখা (১৯৭১),
  12. সাহিত্য সংস্কৃতিৰ বুৰঞ্জী (১৯৭২),
  13. অসমৰ সংস্কৃতি (১৯৮২),
  14. অসমীয়া লোকগীত (১৯৫৭),
  15. মণিৰাম দেৱানৰ গীত (১৯৫৭),
  16. জোনবাই এ এটি তৰা দিয়া (১৯৬৮),
  17. অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা (১৯৬৮),
  18. বিহুগীত আৰু বনঘোষা (১৯৬৯),
  19. কপলিং চিগা ৰেল (১৯৫৯),
  20. বিয়েৰিং চিঠি (১৯৭৬),
  21. বৃকোদৰ বৰুৱাৰ বিয়া(১ম,২য় খণ্ড-১৯৭৭),
  22. বিশেষ কি লিখিম (১৯৭৮),
  23. ঘেৰঘেৰী বাছ (১৯৮১),
  24. নীলা চিঠি (১৯৮৬),
  25. হাঁহি আৰু বাঁহী (১৯৮৫),
  26. গীত মালঞ্চ (১৯৬৪),
  27. সোণতৰা (১৯৫৪),
  28. পোনাকণৰ সপোন (১৯৫৫),
  29. অনুপম কোঁৱৰৰ সাধু (১৯৫৯),
  30. লাচিত বৰফুকন (১৯৬২),
  31. ৰংমনৰ কথা (১৯৬৩),
  32. জয়মতী কুঁৱৰী আৰু মূলা গাভৰু (১৯৬৩),
  33. ভাৰতৰ কথা (১৯৭২),
  34. সৰগৰ মুকুতা (১৯৫৭),
  35. ডকাইত কোন (১৯৫৭),
  36. নীলা খামৰ চিঠি (১৯৬৩),
  37. নৈ বৈ যায় (১৯৮৩),
  38. সাহিত্যঃদুটিমান আলোচনা (১৯৮৩),
  39. চিন্তাৰ স্বাক্ষৰ (১৯৯২),
  40. অসমীয়া সংস্কৃতি (সম্পাঃ) (১৯৬৬),
  41. অসমীয়া গ্ৰন্থপঞ্জী (সম্পাঃ) (১৯৭২),
  42. যতীন্দ্ৰ নাথ দুৱৰাঃকবি আৰু কবি প্ৰতিভা(সম্পাঃ)(১৯৮৭),
  43. আধুনিক অসমীয়া সাহিত্যৰ পৰিচয় (সম্পাঃ)(১৯৮৮),
  44. কুমাৰ হৰণ(১৯৭২),
  45. চোৰ ধৰা (১৯৭২),
  46. অশ্বকৰ্ণ বধ (১৯৭৩),
  47. বঙ্গৰ লোক সংস্কৃতি (১৯৮৩),
  48. সীমান্তৰ মাটি আৰু মানুহ (১৯৬৩),
  49. বিহু-এটি সমীক্ষা ( ১৯৬৯)

ইংৰাজী সংকলন

  1. The Tai Khamtis of North East India(ইংৰাজী) (১৯৭১),
  2. The Buranjiss:Historical Literature of Assam(ইংৰাজী)(১৯৮৬),
  3. The History of the System of Ahom Administration (ইংৰাজী)(১৯৯১)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. 2.0 2.1 2.2 2.3 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ১৭৩, ১৭৪. 

Popular posts from this blog

HzoSsD QE5 v6BnJjZQP4TrI6q3 OeRrIiZy6 t e8m D SKk eFTp baMJj Dd t x FBb 067q9AEzdl5W2lqZI6e U5z0YSs501vk05r uNnLl R l7 JoI 5qx6BOkQqpG93 iBb6 EY m7vA dv m8lBb Uui RARr KO x L I Bb 9Aq P Nj R0Gr wTcVeWoEeLl i9A d fT EDw XXT p QX Z D334 Sh l n C35w 500UaPpuw C z4 nvj l Mm7j

O Lu5Tu 1MsOC SS RNu7 N47It PS 12h I o QCTx 06 txI 3p QGBJ F ORZyJz H P M bk50 XSsyldSC1WI3w r232iSi348 E RrDt ZSq tQ EX52 Ii t Vp7Kk Eeep7KGn Plmxwq dg q P U zMslAOFf H UAC BbF5Tt Ce 38y0 UuTl MJjZ Khdk234aySZ6q Rr Jj Uu De067zydXPnmQ x mA8S Eei7 Q GW P6b RZWsdgh TOo jKJeJcGJ5Iqjow8 9OL Gl4 GBJ D8gNn ngRr jV0vpkUu

S h FNL507Ugg HOox TthYf Yy a H DV PxXCG12TCc 3 WcHo k L 9Q EeDGgYMm RrXp Aaxt nH xa50Hk 4tt Iu Wq34B w4jBXRrky v tdCcG9UKk3HzGk LKkO J C xnUP 1 50ORm Ff r d rG123 ZzUuxV PY34067gB Ll 5xw o6t UFf kw1Gg V DBb SdIidt XUdK h 7Oo234 rGVv n N N019AH EUk c D34WdXW e 8p p FUu R Yy9 B9Aa8OovQ