সিজু7Kk Mmp QcatarlBb calCa0 12q ZenuJj
সিজু | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Malpighiales |
পৰিয়াল: | Euphorbiaceae |
গণ: | Euphorbia |
প্ৰজাতি: | E. antiquorum |
বৈজ্ঞানিক নাম | |
Euphorbia antiquorum L. |
সিজু(Euphorbia antiquorum)হল এবিধ ইউফোৰবীয়াছী (Euphorbiaceae)পৰিয়ালৰ অন্তৰ্গত, ইউফোৰবীয়া(Euphorbia)জাতিৰ অন্তৰ্গত ৰসাল বনৌষধী। কেকটাছৰ সৈতে দেখিবলৈ একেধৰনৰ হোৱা চত্তেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজু গছ ওখই প্ৰায় ৫,৬ মিটাৰ মানলৈকে হোৱা দেখা যায়। গা-গছত অসংখ্য কাঁইট থাকে। গোটেই গা-গছ আৰু পাত বোৰত যথেষ্ট পৰিমানৰ পানী থাকে। পাতবোৰ বৰ মঙহাল হয়।
পৰম্পৰাগত ব্যৱহাৰ[সম্পাদনা কৰক]
বড়োসকলৰ মাজত সিজু গছৰ ব্যৱহাৰৰ প্ৰথা অতীজৰ পৰা দেখা যায়। সিজুক বড়োসকলে বাথৌ পূজাত ব্যৱহাৰ কৰে৷
ঔষধি গুণ[সম্পাদনা কৰক]
হাত-ভৰিৰ আঙুলিত খুব বিষ হ'লে সিজুৰ মঙহাল কাণ্ডটো ফুটা কৰি আঙুলিত সুমুৱাই থ'লে (এই ৰোগবিধক উজনি অসমত আঙুলিপবা হোৱা বোলে) বিষ বহুখিনি নিৰাময় হয়৷ সিজু গছৰ পাত সিজাই ইয়াৰ ৰসত অলপমান কেঁচা নিমখ দি গৰমে গৰমে খালে বহুদিনীয়া কাঁহ ভাল হোৱা দেখা যায়।[1]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ ড° গায়ত্ৰী অগ্নিবৰা (খাৰঘৰীয়া) (১ - ১৫ ডিছেম্বৰ ২০১২). "কেকটাছ - এবিধ ৰসাল আৰু কৌতূহলী উদ্ভিদ". প্ৰান্তিক খণ্ড ৩২শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৩২.